অ’ মোৰ প্ৰাণপখী
ডাৱৰৰ ৰাগিণী হৈ উৰি ফুৰা তোৰ মাতত
হিয়ালিজিয়ালি হ’ল গোটেই আকাশখন
মাজৰাতি
এভাগ আকাশ হৈ উৰি যোৱা তোৰ মাতটো
মোৰ বুকুতো সিঁচিদেহিচোন আহ সিঁচিদে
চিৰাচিৰ হওঁক মোৰ বুকু
মোৰ তেজে-সিৰে মিলকহি তোৰ মাত
তাতে নিজৰিকাপটো তিয়াই দুশাৰী কবিতা লিখো
তিতা তিতা
ভিজা ভিজা
দুখৰ অমলিন স্মৃতিবোৰ ধোওঁ
তোৰ মাতৰ মৌ কাতৰতাত
মুঞ্জৰী উঠে মোৰ মৃত্যু-গীতৰ স্বৰলিপি
কৰুণ
কোমল
ৰিণি ৰিণি কাকলিত
চিৰিংকৈ উঠে বুকু
মৰো নে জীওঁ যেন লাগে অ’
এন্ধাৰ
ধূসৰ
পোহৰ
তোৰ মাতটোত
মোৰ নীল উশাহৰ বাটটো দেখো
নিঃস্ব
কৰুণ
নিৰ্মল
মেলানি বাণী এধাৰি
অ’ কেতেকী
আকাশ শূন্যতাত উৰিফুৰা
কাতৰতাত জী থকা
তই আকুল বাঁহী এটি
তপত চকুলো দুধাৰি
অ’ মোৰ প্ৰাণপখী
No comments:
Post a Comment